ডাউনলোড
মোবাইল এপ

android apple
signal

June 17, 2024 8:51 PM | eid uz zuha 2024

printer

ৰাজ্যত ইছলামধর্মী লোকসকলৰ ঈদ-উজ-জোহা উদযাপন, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাজ্যত ইছলামধর্মী লোকসকলে আজি ধৰ্মীয় ৰীতি-নীতিৰে ঈদ-উজ-জোহা উদযাপন কৰিছে। ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ঈদ-উজ-জোহা উপলক্ষে ইছলামধৰ্মী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰি ত্যাগৰ এই উৎসৱে জনসাধাৰণৰ মাজত পাৰস্পৰিক সহানুভূতি, সদিচ্ছা আৰু কৃতজ্ঞতাৰ মনোভাৱ শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ঈদ উপলক্ষে ইছলামধর্মী লোকসকলক শুভেচ্ছা জনাইছে।

ৰাজ্যৰ আন আন ঠাইৰ লগতে গুৱাহাটীতো ঈদৰ উছাহ পৰিলক্ষিত হৈছে। জালুকবাৰী, মাছখোৱা, আমবাৰী, হাতীগাঁও আদিকে ধৰি কেইবাটাও স্থানত ঈদৰ নামাজ সম্পন্ন হয়। প্ৰতিকূল বতৰৰ বাবে ঈদৰ নামাজ পঢ়াত পলম হোৱাৰ লগতে ঈদগাহৰ পৰিৱৰ্তে মছজিদসমূহত নামাজ অনুষ্ঠিত কৰা হৈছে। বৰপেটা জিলাৰ ভিন্ন প্ৰান্ততো ঈদ-উজ-জোহা উদযাপন কৰা হৈছে। বৰষুণৰ বাবে জিলাখনৰ ঈদগাহ ময়দানবোৰত সীমিত সংখ্যক লোকৰ উপস্থিতিত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ঈদ উপলক্ষে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লৈ শান্তি-সম্প্রীতি কামনা কৰে। শিৱসাগৰৰ দৰবাৰ ফিল্ড ঈদগাহ ময়দান, ৰংঘ চাৰিআলি ঈদগাহ ময়দানৰ লগতে জেঙনিকতীয়া চাৰিআলি, ষ্টেচন চাৰিআলিকে ধৰি বিভিন্ন মছজিদসমূহত নামাজ অনুষ্ঠিত হয়। কৰিমগঞ্জ, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, নলবাৰীতো ঈদৰ উছাহ পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক