ঈদ-উজ-জোহা উপলক্ষে ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰী মক্কা আৰু মদিনাত উপস্থিত

ঈদ-উজ-জোহা উপলক্ষে এইবাৰ ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰীযে পৱিত্ৰ মহানগৰ মক্কা আৰু মদিনাত উপস্থিত হৈছে। ভাৰত চৰকাৰে প্ৰদান কৰা ভালেমান নতুন সা-সুবিধাৰ বাবে এইবাৰ যথেষ্ট সংখ্যক লোকে হজ যাত্ৰাত অংশগ্ৰহণ কৰিছে। প্ৰথমে ভাৰতীয় হজ কমিটীৰ অধীনত যাত্ৰা কৰা প্ৰায় ৯৫ শতাংশ অর্থাৎ ১ লাখ ৪০ হাজাৰতকৈ অধিক হজ যাত্ৰীক মদিনাৰ মাৰ্কাজিয়া অঞ্চলৰ হোটেলসমূহত থকাৰ ব্যৱস্থা কৰা হয়। ভাৰতীয় হজ কমিটীৰ অধীনত যোৱা সকলো যাত্রীকে মিনাৰ পৰম্পৰাগত সীমাৰ ভিতৰত ৰখাৰ লগতে তেওঁলোকক সুষম খাদ্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ইপিনে, জেড্ডাহৰ পৰা মক্কালৈ প্ৰতিঘণ্টাত ৩০০ কিলোমিটাৰ বেগেৰে চলাচল কৰা দ্ৰুতবেগী ৰে’লেৰে ৩৩ হাজাৰ যাত্ৰীক অনা-নিয়া কৰা ভাৰত প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। চৌদি কৰ্তৃপক্ষই এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় হজ যাত্ৰীসকলক মক্কাৰ প্ৰধান মছজিদসমূহলৈ আহ-যাহৰ ক্ষেত্ৰত ২৪ ঘণ্টাই ব্যৱহাৰ কৰিব পৰা বাছ সেৱাৰো ব্যৱস্থা কৰিছে।

অধিক পঢ়ক

সকলো চাওক