ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা আজি সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। সমগ্ৰ দেশতে ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। পুৱাৰ ভাগতে মছজিদ আৰু ঈদগাহসমূহত নামাজ পঢ়াৰ লগতে ইজনে সিজনক ঈদ শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জামা মছজিদ, ফতেহপুৰ মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ মূল কাৰ্যসূচী উদযাপন কৰা হয়। উল্লেখযোগ্য যে ঈশ্বৰৰ নিৰ্দেশ মানি হজৰত ইব্রাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়াৰ স্মৃতিত এই উৎসৱ পালন কৰা হয়।
ঈদ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ঈদ-উল-আজহাক ত্যাগৰ প্ৰতীক হিচাপে বৰ্ণনা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এই উৎসৱে প্রেম, ভাতৃত্ববোধ আৰু সামাজিক সম্প্রীতিৰ বাৰ্তা বহন কৰে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এই উৎসৱত ৰাইজক একতা, দয়া আৰু সংহতিৰ মূল্যবোধ সন্দৰ্ভত চিন্তা কৰিবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বিশেষ উৎসৱে সমাজৰ একতা আৰু সম্প্ৰীতিৰ বান্ধোন অধিক কটকটীয়া কৰিব বুলি আশা প্রকাশ কৰে।