ডাউনলোড
মোবাইল এপ

android apple
signal

March 31, 2025 8:41 PM | eid assam all

printer

ৰাজ্যত উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিতৰ উদযাপন

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো আজি উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিতৰ উদযাপন কৰা হৈছে। দিনৰ ভাগত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ কামনাৰে ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজত অংশ লয়। ঈদ উপলক্ষে ৰাজ্যৰ মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সজাই তোলা হৈছে। লগতে অতিথিক আপ্যায়নৰ বাবে ইছলামধৰ্মী লোকসকলে ঘৰে ঘৰে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে।

শিৱসাগৰ জিলাৰো ঈদগাহ আৰু মছজিদসমূহত ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজ পঢ়ি ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰে। জিলাখনৰ ৰংঘৰ চাৰিআলি, দৰবাৰ খেলপথাৰ, জেঙনিকটীয়া, ষ্টেচন চাৰিআলি আদি অঞ্চলত শান্তিপূর্ণভাবে ঈদ পালন কৰা হয়। উজনি অসমৰ লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট আদি জিলাতো আজি উলহ-মালহেৰে ঈদৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

বৰপেটা জিলাতো আজি পুৱাৰ ভাগত সমূহীয়া নামাজ আদায় কৰা হয়। জিলাখনৰ ভেল্লা, কলগাছিয়া, হাউলী, মল্লিয়া, কয়াকুছি আদি অঞ্চলত অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত হাজাৰ হাজাৰ ইছলামধৰ্মী লোকে অংশগ্ৰহণ কৰে।

বৰাক উপত্যকাৰ জিলা কেইখনতো ঈদ-উল-ফিতৰ উপলক্ষে উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। কাছাৰ আৰু শ্ৰীভূমি জিলাতো আজি উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে জনসাধাৰণে ঈদ উদযাপন কৰে। শ্ৰীভূমি জিলাত নামাজৰ লগতে শিশুসকলৰ বাবে সাংস্কৃতিক অনুষ্ঠান, কিৰাট আৰু আবৃত্তি অনুষ্ঠানৰো আয়োজন কৰা হয়। কাছাৰ জিলাতো ইছলামধর্মী লোকসকলে উৎসাহ-উদ্দীপনাৰে ঈদ-উল-ফিতৰ উদযাপন কৰিছে। ইপিনে ধুবুৰী, গোৱালপাৰাকে ধৰি অন্যান্য জিলাসমূহতো ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ঈদ উদযাপন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক