বিভ্রান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী আৰম্ভ নির্বাচন আয়োগৰ

♦ নির্বাচন আয়োগে আসন্ন লোকসভা নিৰ্বাচনত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ ৰোধ কৰাৰ উদ্দেশ্যে বিভ্রান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী আৰম্ভ কৰিছে। নির্বাচন আয়োগে এখন বিজ্ঞপ্তিযোগে কৈছে যে, এই পঞ্জীৰ যোগেদি তথ্যৰ সত্যাসত্য নিৰূপনৰ লগতে বিভ্ৰান্তিকৰ তথ্যৰ প্ৰচাৰ ৰোধ কৰিব পৰা যাব। ইয়াৰ জৰিয়তে এইবাৰৰ নিৰ্বাচনৰ প্ৰধান বিষয়সমূহৰো তথ্য লাভ কৰিব পৰা যাব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই পঞ্জীত নিৰ্বাচনৰ সৈতে জড়িত বিভ্ৰান্তিকৰ তথ্য, চোচিয়েল মিডিয়াৰ অপপ্ৰচাৰ আৰু গুৰুত্বপূৰ্ণ বিষয় সম্পর্কে সাধাৰণতে সোধা প্ৰশ্ন তথা সংশ্লিষ্ট পক্ষৰ বাবে বিভিন্ন বৰ্গৰ অধীনত প্ৰাসংগিক সামগ্ৰী উপলব্ধ কৰোৱা হৈছে। এই পঞ্জী নিয়মীয়াভাৱে আপডেট কৰা হব। নির্বাচন আয়োগৰ চৰকাৰী ৱেৱছাইটৰ জৰিয়তে এই পঞ্জী চাব পৰা যাব।

অধিক পঢ়ক

সকলো চাওক