ডাউনলোড
মোবাইল এপ

android apple
signal

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেলৈ নিৰ্বাচন আয়োগৰ পত্ৰ

নির্বাচন আয়োগে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেক দল দুটাৰ তাৰকা প্ৰচাৰকসকলক নির্বাচনী আচৰণবিধি উলংঘা হ’বলগীয়া মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিবলৈ নিৰ্দেশ জাৰি কৰিছে। দুয়োগৰাকী নেতালৈ প্ৰেৰণ কৰা পত্ৰত আয়োগে কয় যে, কোনো দল নাইবা প্ৰাৰ্থীয়ে সাম্প্ৰদায়িক বিবাদ সৃষ্টিকাৰী নাইবা অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা থকা মন্তব্য কৰিব নোৱাৰিব। আয়োগে শ্রী নাড্ডাক তেওঁৰ দলৰ তাৰকা প্ৰচাৰকসকলক সমাজত ভাঙোন সৃষ্টিকাৰী বক্তব্য প্ৰদানৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়াৰ বাবে নিৰ্দেশ দিছে। তদুপৰি শাসনাধিষ্ঠিত বিজেপিক নির্বাচনী প্ৰচাৰৰ নীতি-নিয়ম অনুসৰণ কৰি প্ৰচাৰ চলোৱাৰ লগতে ভাৰতবৰ্ষৰ সংপৃক্ত আৰু স্পৰ্শকাতৰ জনগাঁথনিৰ দিশলৈ লক্ষ্য ৰাখিবলৈও নিৰ্দেশ দিয়ে। একেদৰে আয়োগে কংগ্ৰেছ দলৰ তাৰকা প্ৰচাৰকসকলক ভাৰতৰ সংবিধান সন্দৰ্ভত আপত্তিজনক মন্তব্য নকৰিবলৈ নিৰ্দেশ দিয়ে। নিৰ্বাচনৰ গোটেই সময়ছোৱাত প্ৰাৰ্থী তথা দলীয় নেতাসকলক নীতি-নির্দেশনা অনুসৰণ কৰি চলিবলৈও আয়োগে নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক