দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থা সৈতে নির্বাচন আয়োগৰ বৈঠকৰ

♦ নির্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সৈতে জড়িত বিভিন্ন বিষয় পর্যালোচনা কৰাৰ বাবে আজি বিয়লি দেশৰ ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আইন বলৱৎকাৰী সংস্থাসমূহৰ সৈতে এখন বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত সামগ্রিক আইন শৃংখলা পৰিস্থিতিৰ লগতে অবৈধ কার্যকলাপ প্রতিহত কৰা, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোকা দৃষ্টি ৰখা আৰু আইন বিৰুদ্ধ সা-সামগ্রী বাজেয়াপ্ত কৰা আদি বিষয়সমূহ গুৰুত্বসহকাৰে আলোচনা কৰা হ’ব।

Read More :

অনলাইন ব্যৱস্থাৰ মাধ্যমেৰে হ’বলগীয়া এই বৈঠকত অসমৰ পৰা ৰাজ্য চৰকাৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য নির্বাচন বিষয়াকে ধৰি শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকিব বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নির্বাচন আয়োগে কালি দেশৰ ৬ খন ৰাজ্যৰ বাবে বিশেষ পর্যবেক্ষকক নিযুক্তি দিয়ে। এই ৰাজ্যকেইখনৰ ভিতৰত লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে বিধানসভা নিৰ্বাচনৰ বাবেও ভোটগ্রহণ হ’বলগীয়া অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ লগতে ৭ কোটিৰো অধিক জনসংখ্যাৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু বিহাৰো অন্তৰ্ভুক্ত হৈছে। আনহাতে নির্বাচন সম্পৰ্কীয় ব্যয়ৰ বিষয়টো চোৱা-চিতা কৰাৰ বাবে নির্বাচন আয়োগে অন্ধ্রপ্রদেশ, কর্ণাটক, তামিলনাড়ু, উত্তৰ প্ৰদেশ আৰু ওড়িশাত একোগৰাকীকৈ বিশেষ ব্যয় পর্যবেক্ষকক নিযুক্তি দিছে।

অধিক পঢ়ক

সকলো চাওক