দেশত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ ৬২.২০ শতাংশ ভোটদান

২০ মে’ত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ ৬২ দশমিক ২-০ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰ ভিতৰত ৬১ দশমিক ৪-৮ শতাংশ পুৰুষ, ৬৩ শতাংশ মহিলা আৰু ২১ দশমিক ৯-৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতা আছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে এই পৰ্যায়ত পশ্চিমবংগত সর্বাধিক ৭৮ দশমিক ৪-৩ শতাংশ মহিলা ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। আয়োগৰ তথ্য অনুসৰি জম্মু-কাশ্মীৰত ৫৯ শতাংশৰো অধিক ভোটদান হয়। ইয়াৰ বিপৰীতে বিহাৰত ৫৬ দশমিক ৭-৬, ঝাৰখণ্ডত ৬৩ দশমিক ২-১, লাডাখত ৭১ দশমিক ৮-২, মহাৰাষ্ট্ৰত প্ৰায় ৫৬ দশমিক ৮-৯, ওড়িশাত ৭৩ দশমিক ৫-০, উত্তৰ প্ৰদেশত প্ৰায় ৫৮ দশমিক ০-২ আৰু পশ্চিমবংগত প্রায় ৭৮ দশমিক ৪-৫ শতাংশ লোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সংসদীয় সমষ্টি সামৰি লোৱা হয়। এই সমষ্টি কেইটাৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা, মহাৰাষ্ট্ৰৰ ১৩ টা, পশ্চিমবংগৰ ৭টা, বিহাৰ আৰু ওড়িশাৰ ৫টাকৈ, ঝাৰখণ্ডৰ ৩টা আৰু জম্মু-কাশ্মীৰ তথা লাডাখত এটাকৈ সমষ্টিৰ বাবে ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হয়।

অধিক পঢ়ক

সকলো চাওক