ডাউনলোড
মোবাইল এপ

android apple
signal

ভোটদাতাসকলক নিৰ্বাচনৰ পৰৱৰ্তী সময়ৰ বাবে হিতাধিকাৰীকেন্দ্ৰিক আঁচনিত পঞ্জীভুক্ত নকৰিবলৈ ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে যিকোনো বিজ্ঞাপন, এপ অথবা জৰীপৰ জৰিয়তে নির্বাচনোত্তৰ হিতাধিকাৰীকেন্দ্ৰিক আঁচনিত ব্যক্তি বিশেষৰ নাম পঞ্জীভুক্ত কৰাৰ সকলো কাম-কাজ ততালিকে বন্ধ কৰিবলৈ আৰু এনে কামৰ পৰা বিৰত থাকিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহলৈ পৰামৰ্শ জাৰি কৰিছে। আয়োগে কৈছে যে, নিৰ্বাচনৰ পাছত লাভৰ অৰ্থে পঞ্জীয়নৰ বাবে ভোটদাতাসকলক আমন্ত্রণ জনোৱাটো নিৰ্বাচক আৰু প্ৰস্তাৱিত লাভৰ মাজত লেনদেনৰ সম্পৰ্কৰ আৱশ্যকতাৰ আভাস দিয়ে। ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ১২৩(১) ধাৰাৰ অধীনত এই কাৰ্যক উৎকোচ গ্রহণ আৰু দুৰ্নীতিৰ সমপৰ্যায়ৰ বুলি উল্লেখ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহক এনে কার্যত জড়িত নহ’বলৈ নির্দেশযোগে সকীয়াই দিছে। আয়োগে লগতে সকলো জিলা নির্বাচনী বিষয়াক বিধিসন্মত ব্যৱস্থা অনুযায়ী এনে বিজ্ঞাপন বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক