নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলে দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি কৰিছে। আয়োগে এটা বিবৃতিত কয় যে, এই সময়ছোৱাত ৪২৫টা গুৰুতৰ অভিযোগ লাভ কৰিছিল। ইয়াৰ ভিতৰত ৪০০টা নিষ্পত্তি কৰাৰ লগতে প্রয়োজনীয় কার্যপন্থা গ্রহণ কৰা হৈছে। আয়োগে উল্লেখ কৰা মতে ১৭০টা অভিযোগ কংগ্ৰেছ দলে দাখিল কৰাৰ বিপৰীতে ১৫টা অভিযোগ বিজেপিয়ে আৰু ১৬০টা অভিযোগ অন্য ৰাজনৈতিক দলসমূহে দাখিল কৰিছিল। আয়োগে লগতে কয় যে, নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত কংগ্ৰেছ আৰু বিজেপিয়ে পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰা কেইটামান অভিযোগ বিবেচনাধীন হৈ আছে। উল্লেখযোগ্য যে আয়োগে ইয়াৰ পূৰ্বে কেইবাগৰাকীও ৰাজনৈতিক নেতাক নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত ব্যক্তিগত জাননী জাৰি কৰিছে।
Site Admin | May 15, 2024 11:29 AM | ECI case