নির্বাচন আয়োগে সামাজিক মাধ্যমযোগে ১৫ লাখ ই ভি এম হেৰুওৱাৰ প্ৰচাৰিত বাৰ্তা ভুৱা বুলি অভিহিত কৰিছে। আয়োগে সামাজিক মাধ্যমযোগে কৈছে যে এই বাৰ্তা ভুৱা আৰু বিভ্ৰান্তিকৰ। আয়োগে লগতে কোনো ই ভি এম হেৰুওৱা নাই আৰু উচ্চতম ন্যায়ালয়েও ই ভি এম হেৰুওৱা সন্দৰ্ভত দাখিল কৰা একাধিক আবেদন খাৰিজ কৰিছে বুলি উল্লেখ কৰিছে। জনসাধাৰণে বিশ্বাসযোগ্য তথ্যৰ বাবে আয়োগৰ চৰকাৰী ৱেবছাইট চাব লাগে বুলি নির্বাচন আয়োগে প্রকাশ কৰিছে।
Site Admin | April 6, 2024 12:52 PM | ECI
সামাজিক মাধ্যমযোগে প্ৰচাৰিত ১৫ লাখ ই ভি এম হেৰুওৱাৰ বাৰ্তা ভুৱা বুলি অভিহিত নিৰ্বাচন আয়োগৰ
