নির্বাচন আয়োগে ঝাৰখণ্ড চৰকাৰক ৰাজ্যখনৰ কাৰ্যবাহী আৰক্ষী সঞ্চালকপ্রধান অনুৰাগ গুপ্তাক ততালিকে কাৰ্যকৰী হোৱাকৈ পদৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে ৰাজ্য চৰকাৰক গুপ্তাৰ কাৰ্যভাৰ সঞ্চালকপ্রধান পৰ্যায়ৰ জ্যেষ্ঠতম বিষয়াক অৰ্পণ কৰিবলৈ কৈছে। ৰাজ্য চৰকাৰক লগতে আজি সন্ধিয়া সাত বজাৰ ভিতৰত এই নিৰ্দেশ পালনৰ প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি ঝাৰখণ্ড চৰকাৰক সোমবাৰে পুৱা ১০ বজাৰ ভিতৰত ৰাজ্যখনত নিয়োজিত ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়াসকলৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নির্বাচন আয়োগে পূৰ্ব নিৰ্বাচনৰ সময়ত শ্ৰী অনুৰাগ গুপ্তাৰ বিৰুদ্ধে লাভ কৰা অভিযোগ আৰু আয়োগে ব্যৱহাৰ কৰা ব্যৱস্থালৈ চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
Site Admin | October 19, 2024 8:17 PM | EC orders removal of acting DGP Jharkhand with immediate effect