ডাউনলোড
মোবাইল এপ

android apple
signal

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৪ টাকৈ ভূমিকম্পৰ জোকাৰণি

■ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যক কালি ৪ টাকৈ ভূমিকম্পই জোকাৰি যায়। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কালি দিনৰ ১১ বাজি ৬ মিনিটত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ১০ ছেকেণ্ডৰ বাবে হোৱা এই ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৫.৭। ভূমিকম্পটোৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলাৰ উত্তৰ-পূব দিশৰ ১১০ কিলোমিটাৰ গভীৰতাত বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰে। দুপৰীয়া ১২ বাজি ২০ মিনিটত অহা দ্বিতীয়টো ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰৰ কামজং জিলাৰ উত্তৰ-পূব দিশৰ ৬৬ কিলোমিটাৰ গভীৰতাত আছিল। ১৭ ছেকেণ্ডৰ বাবে অনুভূত এই ভূঁইকপৰ ৰিখটাৰ স্কেলত প্ৰাব্যল আছিল ৪.১। বিয়লি ৩ বাজিৰ ৩৬ মিনিটত তৃতীয়টো ভূমিকম্প প্রায় ১৩ ছেকেণ্ডৰ বাবে অনুভূত হয়। ৰিখটাৰ স্কেলত ইয়াৰ প্রাবল্য আছিল ৪.৭। ইয়াৰ অভিকেন্দ্ৰ ম্যানমাৰৰ উত্তৰ-পূব দিশৰ ৩২ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে। বিয়লি ৩ বাজি ৫৪ মিনিটত চতুৰ্থটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত ৪.৫ প্রাবল্যৰ এই ভূমিকম্প ১০ ছেকেণ্ডৰ বাবে অনুভূত হয় আৰু ইয়াৰ অভিকেন্দ্ৰ ম্যানমাৰৰ উত্তৰ-পূব দিশৰ ১০ কিলোমিটাৰ গভীৰতাত বুলি প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে বিগত কেইটামান দিনত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক ৭টা ভূমিকম্পই জোকাৰি যায়। ইয়াৰে তিনিটাৰ অভিকেন্দ্ৰ মণিপুৰ আৰু চাৰিটাৰ অভিকেন্দ্ৰ মেঘালয়ৰ দক্ষিণ পশ্চিম খাছী পাহাৰ জিলাত বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক