ডাউনলোড
মোবাইল এপ

android apple
signal

ম্যানমাৰৰ ভূমিকম্পৰ দুৰ্গতসকলৰ সন্ধান-উদ্ধাৰ আৰু চিকিৎসা সম্বন্ধীয় সাহায্যৰ বাবে ভাৰতৰ অপাৰেচন ব্ৰহ্ম আৰম্ভ

ম্যানমাৰত যোৱা সপ্তাহত সংঘটিত ভয়াৱহ ভূমিকম্পত বৰ্তমানলৈ ২৭০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাইছে। কালি ম্যানমাৰৰ সামৰিক নেতা মিন আং হ্লেইঙে কয় যে নিহতৰ সংখ্যা ২৭১৯ জন হৈছেগৈ আৰু এই সংখ্যা তিনি হাজাৰৰো অধিক হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ভূমিকম্পত ৪৫২১জন লোক আহত হৈছে আৰু ৪৪১জন এতিয়াও নিৰুদ্দেশ হৈ আছে। ইফালে দেশখনত উদ্ধাৰ অভিযান পূর্ণগতিত চলি আছে। দেশখনত সন্ধান আৰু উদ্ধাৰ অভিযান, মানৱীয় সাহায্য, দুর্যোগ সাহায্য আৰু চিকিৎসা সাহায্যকে ধৰি প্ৰয়োজনীয় সকলোপ্ৰকাৰৰ সহায় আগবঢ়াবলৈ ভাৰতে ইতিমধ্যে অপাৰেচন ব্ৰহ্ম আৰম্ভ কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতীয় চিকিৎসকৰ এটা দলে এতিয়ালৈকে দুটা ডাঙৰ অস্ত্ৰোপচাৰকে ধৰি প্ৰায় ১০৪ জন ৰোগীৰ চিকিৎসা কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে দেশখনলৈ ১৬ টন মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য সামগ্রী কঢ়িয়াই ভাৰতীয় বায়ুসেনাৰ এখন বিমান কালি মণ্ডলে বিমানবন্দৰত উপস্থিত হয়। এই মানৱীয় সাহায্য চৰকাৰী কৰ্তৃপক্ষৰ উপস্থিতিত লেফটেনেণ্ট জেনেৰেল ম্যো মআঙৰ হাতত অৰ্পণ কৰা হয়। মন্ত্ৰালয়ে জনোৱা মতে, এন ডি আৰ এফৰ দলসমূহে অভিযান অব্যাহত ৰাখিছে আৰু ৫টা মৃতদেহ উদ্ধাৰ কৰিছে। শুকুৰবাৰে দেশখনৰ মাণ্ডালে অঞ্চলত হোৱা ভয়াৱহ ভূমিকম্পৰ ফলত ব্যাপক ক্ষতিসাধন হয়। থাইলেণ্ড, ভিয়েটনাম, লাওছ আৰু দক্ষিণ-পশ্চিম চীনতো প্রবল কঁপনি অনুভূত হয়।

অধিক পঢ়ক

সকলো চাওক