ডাউনলোড
মোবাইল এপ

android apple
signal

March 28, 2025 7:59 PM | earthquake

printer

ম্যানমাৰ আৰু থাইলেণ্ডত ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পত ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা

ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পৰ ফলত কমেও তিনিজন লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে। ৰিখটাৰ স্কেলত ৭ দশমিক ৭ আৰু ৬ দশমিক ৪ প্ৰাব্যলৰ এই দুটা ভূমিকম্পৰ জোকাৰণি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন, উত্তৰ বংগৰ উপৰি চীনৰ দক্ষিণ-পশ্চিম অংশতো অনুভূত হোৱাৰ বাতৰি পোৱা গৈছে। এই ভূমিকম্পত ম্যানমাৰৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়-ক্ষতি হোৱাৰ বাতৰি আহিছে। দেশখনৰ উত্তৰ-পশ্চিমৰ ছাগাইঙ নগৰৰ সমীপত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ফলত ম্যানমাৰৰ মাণ্ডালেৰ আভা দলংখন ইৰাবতী নৈত ভাগি পৰাৰ উপৰি কেইবাটাও ভৱন ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে। এই স্থানৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ নিলগৰ থাইলেণ্ডৰ ৰাজধানী বেংককতো ভূমিকম্পৰ শক্তিশালী জোকাৰণি অনুভূত হোৱাৰ ফলত বেংককত নিৰ্মাণৰত অৱস্থাত থকা এটা কেইবা মহলীয়া অট্টালিকা ধ্বংসস্তূপত পৰিণত হয়। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সংবাদ মাধ্যমক প্ৰকাশ কৰা অনুসৰি ধ্বংসস্তূপৰ মাজৰ পৰা এতিয়ালৈকে তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি ৯০ জন লোক সন্ধানহীন হৈ আছে। বহু অট্টালিকাৰ চাদৰ ওপৰত থকা ছুইমিংপুলসমূহৰ পানী ভূমিকম্পৰ জোকাৰণিত হেন্দালি খাই বহু দূৰলৈ চিটিকি পৰা পৰিলক্ষিত হয়। ম্যানমাৰৰ ৰাজধানী মহানগৰ নেইপি-টাও আৰু বাণিজ্যিক মহানগৰী মাণ্ডালেইকে ধৰি ম্যানমাৰৰ ছটা খণ্ডত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। ম্যানমাৰৰ সামৰিক জুণ্টাই এই ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা সহায়ৰ আহ্বান জনাইছে। বিশ্ব সম্প্ৰদায়ৰ পৰা নিলগে থকা শাসনাধিস্থিত দেশকনৰ সামৰিক জুণ্টাৰ এই আহ্বানে পৰিস্থিতিৰ ভয়াবহতা সূচাইছে বুলি পর্যবেক্ষকসকলে ধাৰণা কৰিছে।
        প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ম্যানমাৰ আৰু থাইলেণ্ডৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত জনসাধাৰণ আৰু চৰকাৰলৈ সম্ভৱপৰ সকলোধৰণৰ সাহায্য আগবঢ়াবলৈ সাজু আছে বুলি প্ৰকাশ কৰিছে। তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ক ম্যানমাৰ আৰু থাইলেণ্ড চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ আহ্বান জনাইছে।

ভাৰতীয় দূতাবাসে ভূমিকম্পৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভাৰতীয় দূতাবাসে থাইলেণ্ডত বাস কৰা ভাৰতীয় নাগৰিকসকলক যিকোনো সাহায্যৰ বাবে জৰুৰীকালীন নম্বৰ ৬৬৬১৮৮১৯২১৮ ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। বেংকক আৰু চিয়াংমেত থকা ভাৰতীয় দূতাবাসৰ সকলো সদস্য সুৰক্ষিত হৈ আছে বুলি সূত্ৰটোৱে জনাইছে।

অধিক পঢ়ক

সকলো চাওক