বিহাৰ, পশ্চিমবংগ, ছিকিম আৰু নেপালৰ ভালেমান অংশত আজি নিচেই পুৱা ৰিখটাৰ স্কেলত ৫ দশমিক ৫ প্রাবল্যৰ এটা ভূঁইকঁপৰ জোকাৰণি অনুভূত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৌগোলিক জৰীপ বিভাগে প্ৰকাশ কৰা মতে প্রায় ২ বাজি ৩৬ মিনিটত অহা এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালৰ বাগমতি জিলাৰ কোদাৰিত আছিল। পশ্চিমবংগৰ শিলিগুৰি, ছিকিমৰ বিভিন্ন অংশ আৰু বিহাৰৰ দাৰভাংগাকে ধৰি বিভিন্ন অঞ্চলত এই ভূঁইকঁপৰ জোকাৰণি অনুভূত হয় ।
Site Admin | February 28, 2025 12:53 PM | earthquake
বিহাৰ, পশ্চিমবংগ, ছিকিম আৰু নেপালৰ ভালেমান অংশত ৫. ৫ প্রাবল্যৰ ভূঁইকঁপৰ জোকাৰণি
