টাইৱানৰ পূব প্ৰান্তত কালি নিশা কেইবাটাও ভূমিকম্পৰ জোকাৰনি অনুভূত হয়। ইয়াৰে আটাইতকৈ শক্তিশালী ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.১ আছিল । ভূমিকম্পৰ অভিকেন্দ্ৰ টাইৱানৰ হুৱালিয়েন চহৰৰ পৰা ২৮ কিলোমিটাৰ দক্ষিণে ১০ দশমিক ৭ কিলোমিটাৰ গভীৰতাত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে দেশখনত চলিত মাহৰ আৰম্ভণিতে ৭ দশমিক ৪ প্রাবল্যৰ ভূমিকম্পত ১৩ জন লোকৰ মৃত্যুৰ হোৱাৰ লগতে এহেজাৰৰো অধিক লোক আহত হৈছিল।
Site Admin | April 23, 2024 12:26 PM | earthquake
টাইৱানৰ পূব প্ৰান্তত কালি নিশা কেইবাটাও ভূমিকম্পৰ জোকাৰনি অনুভূত
