বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ভাৰতে ইটালীক ইউৰোপৰ দেশসমূহৰ ভিতৰত অন্যতম মিত্ৰদেশ হিচাপে গণ্য কৰে বুলি মতপ্ৰকাশ কৰিছে। তেওঁ দেশখনক ভূমধ্য সাগৰীয় অঞ্চলৰ গুৰুত্বপূৰ্ণ দেশ হিচাপেও অভিহিত কৰে। ৰোমত ভাৰতীয় দূতাবাসৰ বিশেষ কাৰ্যালয় মুকলি কৰি ড০ এছ জয়শংকৰে কয়, যে দুয়োখন দেশৰ বিভিন্ন স্তৰৰ মাজত সঘনাই হোৱা আলোচনাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ গভীৰতা প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয়, যে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিকাশৰ বাবে নতুন শক্তি, গোলকীয় তথা আঞ্চলিক সমস্যা সমাধানৰ ক্ষেত্ৰত সমন্বয় তথা গোলকীয় দৃষ্টিভংগীৰ মিল আছে। প্ৰস্তাৱিত ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অর্থনৈতিক কৰিড’ৰৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ইউৰোপ আৰু এছিয়াত এই কৰিড’ৰৰ ইতিবাচক প্ৰভাৱ পৰিলক্ষিত হ’ব।
ড০ জয়শংকৰে তেওঁৰ ইটালী ভ্ৰমণৰ সময়ছোৱাত জি-ছেভেন বিদেশ মন্ত্ৰীসকলৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতক এই বৈঠকলৈ অতিথি ৰাষ্ট্ৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। তেওঁ লগতে ৰোমত দশম এম ই ডি ভূমধ্যসাগৰীয় আলোচনাতো অংশগ্ৰহণ কৰিব।