ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙৰ সৈতে ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে জানিবলৈ দিয়ে যে তেওঁলোকে ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীৰ অন্তৰ্গত বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ বহুপাক্ষিক সংস্কাৰৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ড° জয়শংকৰে আঞ্চলিক, গোলকীয় আৰু উন্নয়নমূলক বিষয়সমূহৰ সন্দৰ্ভত ভাব-বিনিময় কৰে। ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষগৰাকীয়ে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুৰ্মুকো সৌজন্যমূলক সাক্ষাৎ কৰিব।

অধিক পঢ়ক

সকলো চাওক