ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ দূত জুলী বিছ’পৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ বিশেষ দূত জুলী বিছ’পৰ সৈতে বৈঠকত মিলিত হৈ ম্যানমাৰৰ দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। জুলী বিছ’প বৰ্তমান ভাৰত ভ্ৰমণলৈ আহিছে। যোৱা বছৰৰ এপ্ৰিলত ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেচে বিছ’পক ম্যানমাৰত তেওঁৰ বিশেষ দূত হিচাপে নিয়োগ কৰিছিল। উল্লেখযোগ্য যে ম্যানমাৰত ২০২১ চনৰ ফেব্ৰুৱাৰীত সামৰিক শাসন আৰম্ভৰ হোৱাৰ পিছৰে পৰা গণতান্ত্ৰিক ব্যৱস্থা পুনৰ ঘূৰাই অনাৰ দাবীত বিভিন্ন হিংসাত্মক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈ আহিছে। দেশখনত প্ৰতিবাদকাৰী বাহিনীসমূহে ভাৰত-চীন আৰু বাংলাদেশৰ সীমান্তৰ কেইবাটাও প্রধান ব্যৱসায়িক স্থান নিজৰ দখললৈ আনিছে। ম্যানমাৰ হৈছে ভাৰতৰ কৌশলগত চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ এখন অন্যতম ৰাষ্ট্ৰ।

অধিক পঢ়ক

সকলো চাওক