ডাউনলোড
মোবাইল এপ

android apple
signal

নতুন দিল্লীত আজি ইউ এ ইৰ উপ-প্রধানমন্ত্রী শ্বেইখ আব্দুলা বিন জায়েদ অল নাহয়ানৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ কৌশলগত আলোচনাত মিলিত হ’ব

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ (ইউ এ ই)ৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী শ্বেইখ আব্দুলা বিন জায়েদ অল নাহয়ানৰ সৈতে কৌশলগত আলোচনাত মিলিত হ’ব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্রীনাহয়ান ভাৰত-ইউ এ ই যুটীয়া আয়োগৰ পঞ্চদশ বৈঠক আৰু চতুৰ্থ কৌশলগত আলোচনাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কালি নতুন দিল্লীত উপস্থিত হয়।

ইউ এ ইৰ নেতাগৰাকীক আদৰণি জনাই বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে সামাজিক মাধ্যম এক্স যোগে কয়, যে এই ভ্রমণে ভাৰত আৰু ইউ এ ইৰ মাজত বহুমুখী সর্বাত্মক কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰিব।

আমাৰ সংবাদদাতাই জনাইছে যে, ভাৰত আৰু ইউ এ ইৰ মাজত প্ৰাচীন কালৰে পৰা বাণিজ্যিক সম্পর্ক আছে। ২০২২-২৩ বিত্তীয় বৰ্ষত ইউ এ ই ভাৰতত চতুর্থ সর্ববৃহৎ প্রত্যক্ষ বিদেশী বিনিয়োগ কৰা দেশ আছিল৷ দেশখনে ভাৰতৰ আন্তঃগাঁথনি খণ্ডত ৭ হাজাৰ ৫০০ কোটি ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। পূব এছিয়াৰ ৰাষ্ট্ৰখনত ৩৫ লাখৰো অধিক ভাৰতীয় নাগৰিকে বাস কৰে আৰু ইউ এ ইৰ লোকসকল ভাৰতীয় সংস্কৃতিৰ সৈতে ভালদৰে পৰিচিত আৰু ইয়াৰ প্ৰতি সংবেদনশীল।

অধিক পঢ়ক

সকলো চাওক