ডাউনলোড
মোবাইল এপ

android apple
signal

চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণৰ বাবে আজি ইছলামবাদলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চাংহাই সহযোগিতা সংস্থা (Sco)ৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দুদিনীয়া ভ্রমণসূচীৰে আজি ইছলামবাদলৈ ৰাওনা হ’ব৷ ভ্ৰমণৰ পূৰ্বে বিদেশ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে বহুপক্ষীয় আলোচনাৰ বাবেহে তেওঁ পাকিস্তান ভ্ৰমণ কৰিব আৰু ইয়াৰ পূৰ্বে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’বলৈ তেঁও অমান্তি হৈছিল। বিগত ৯ বছৰৰ ভিতৰত চুবুৰীয়া ৰাষ্ট্ৰখনলৈ কোনো এজন ভাৰতীয় বিদেশ পৰিক্ৰমা মন্ত্ৰীৰ এয়া হ’ব প্ৰথমটো উচ্চ পৰ্যায়ৰ ভ্ৰমণ। চাংহাই সহযোগিতা সংস্থা এটা স্থায়ী আন্তঃৰাষ্ট্ৰীয় সংস্থা। ভাৰত, ইৰাণ, কাজাখস্তান, চীন, কির্গিস্তান, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান, আৰু উজবেকিস্তানক সদস্যৰাষ্ট্ৰ হিচাপে লৈ গঠিত এছচিঅ’ই সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বিশ্বাস শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে আৰু ৰাজনীতি, বাণিজ্য, অর্থনীতি, গৱেষণা, প্রযুক্তি, সংস্কৃতি আদি ক্ষেত্ৰত তেওঁলোকৰ ফলপ্ৰসূ সহযোগিতাক প্ৰসাৰিত কৰে।

অধিক পঢ়ক

সকলো চাওক