বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে মৰিছাচ, মালদ্বীপ, নেপাল, ভূটান আৰু শ্ৰীলংকাৰ প্ৰতিপক্ষৰ সৈতে ওমানৰ ৰাজধানী মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰে। এই সন্মিলনত ড° জয়শংকৰে মৰিছাচৰ প্ৰতিপক্ষ ড° ধনঞ্জয় ঋটিছ ৰামফুলৰ সৈতে হোৱা বৈঠকত দুয়োখন দেশৰ বন্ধুত্বৰ বিশেষ বান্ধোন আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। এয়া আছিল শ্ৰীৰামফুলৰ সৈতে ড° জয়শংকৰৰ প্ৰথমখন বৈঠক। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে এই বৈঠকতে মালদ্বীপৰ প্ৰতিপক্ষ আব্দুলা খলিলৰ সৈতে হোৱা বৈঠকৰ সময়ত ভাৰত-মালদ্বীপ সহযোগিতাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীলংকাৰ প্ৰতিপক্ষ বিজিতা হেৰাটৰ সৈতে হোৱা বৈঠকত ড° জয়শংকৰে দুয়োখন দেশৰ মাজত ব্যাপক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁ শ্ৰীলংকাৰ অৰ্থনীতিৰ পুনৰ উদ্ধাৰ আৰু উন্নতিৰ বাবে ভাৰতৰ দায়বদ্ধতাৰ কথাও প্ৰকাশ কৰে।
ওমান ভ্ৰমণৰ সময়ত ড° জয়শংকৰে ওমান, ব্রুনেই আৰু ইৰাণৰ প্ৰতিপক্ষকো সাক্ষাৎ কৰে। তেওঁ বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তুহিদ হুছেইনৰ সৈতেও এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে, ইণ্ডিয়া ফাউণ্ডেছনে ওমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত মাস্কাটত কালি আৰু আজি অষ্টম ভাৰতীয় সাগৰ সন্মিলন আয়োজন কৰিছে।