বিদেশমন্ত্ৰী ড° এছ. জয়শংকৰে কালি এদিনীয়া চৰকাৰী কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰে ৷ এই ভ্ৰমণৰ সময়ছোৱাত ড° জয়শংকৰে ডুবাই Knowledge Park চিমবায়’চিছ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ বিদেশত থকা প্ৰথমটো চৌহদ উদ্বোধনী কাৰ্যসূচীত সভাপতিত্ব কৰে। ভাৰত আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ মাইলৰ খুঁটি হিচাপে চিহ্নিত এই কাৰ্যসূচীত দেশখনৰ সহিষ্ণুতা আৰু সহাৱস্থান বিভাগৰ মন্ত্রী শ্বেইখ নাহয়ান বিন মুবাৰক অল নাহয়ানো উপস্থিত আছিল। এই নতুন চৌহদে ছাত্র-ছাত্রীসকলক ব্যৱস্থাপনা, প্ৰযুক্তি আৰু সংবাদ মাধ্যম আদি ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ সুবিধা প্ৰদান কৰিব। এই ভ্ৰমণৰ সময়ত ড° জয়শংকৰে মহম্মদ বিন ৰশ্বিদ গ্ৰন্থাগাৰত Why Bharat Matters শীৰ্ষক তেওঁৰ এখন গ্ৰন্থও উন্মোচন কৰে। ইয়াৰ পাছত ড° জয়শংকৰে দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী আব্দুল্লাহ বিন-জায়েদ-অল-নাহয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।