ডাউনলোড
মোবাইল এপ

android apple
signal

September 20, 2024 1:17 PM | E khajana assam

printer

ভূমি ৰাজহ আদায়ৰ বাবে ই-খাজনা ব্যৱস্থা মুকলি

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত ভূমি ৰাজহ আদায় ব্যৱস্থাৰ সৰলীকৰণ পদক্ষেপ হিচাপে ই-খাজনা ব্যৱস্থাৰ সুবিধা আগবঢ়োৱা হৈছে। এই সন্দৰ্ভত নাগৰিকসকলে কিউ আৰ ক’ড স্কেন কৰি বা ই-খাজনা প’ৰ্টেল basundhara.assam.gov.in/e- khazana লৈ গৈ সহজেই ভূমি ৰাজহ পৰিশোধ কৰিব পাৰিব। সহজ, সুৰক্ষিত আৰু তাৎক্ষণিক ভূমি ৰাজহ আদায় দিয়াৰ বাবে পট্টাদাৰসকলক ক্ষমতা প্রদানৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক