শাৰদীয় দুর্গোৎসৱৰ অষ্টমী আৰু নৱমী পূজা আজি তিথি অনুসৰি একেদিনাই সম্পন্ন হয়। এই উপলক্ষে ৰাজ্যৰ প্ৰতিখন পূজাস্থলীতে ভক্তিপ্ৰাণ ৰাইজে দেৱী দুৰ্গাৰ আশিস গ্ৰহণ কৰে। গোৱালপাৰা জিলাত আজি পুৱাৰ ভাগত বৈদিক ৰীতি-নীতিৰে অষ্টমী পূজা সমাপন কৰাৰ পাছত নৱমী পূজাও সম্পন্ন কৰা হয়। জিলাখনৰ নেপালী মন্দিৰ সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে আজি ৯গৰাকী কুমাৰীক সজাই পৰাই কুমাৰী পূজা পালন কৰে। কুমাৰী পূজা উপলক্ষে প্ৰত্যেক বছৰৰ দৰে এইবাৰো বৃহৎ সংখ্যক ভক্তিপ্ৰাণ লোকৰ সমাগম হয়। ইফালে, গোৱালপাৰা জিলাৰ টুক্ৰেশ্বৰী দেৱালয়তো জাকজমকতা পৰিহাৰ কৰি মৃন্ময় মূৰ্তি অবিহনে শাৰদীয় দুর্গা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ কৃষ্ণাই, ৰংজুলি, দুধনৈ, ধূপধৰা, মাটিয়া, আগিয়া আদি অঞ্চলতো পুৱা অষ্টমী পূজা সমাপন কৰাৰ পাছত নৱমী পূজা পালন কৰা হয়।
গোলাঘাট জিলাৰ বোকাখাতৰ ঐতিহাসিক শক্তিপীঠ কাকগোঁসানী দুর্গা থানত আজি পৰম্পৰাগত ৰীতি-নীতিৰে অষ্টমী আৰু নৱমী পূজা সম্পন্ন কৰা হয়। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত স্থাপন কৰা এই শক্তিপীঠখনত এইবাৰো দুৰ্গা পূজা উপলক্ষে বিভিন্ন প্ৰান্তৰ ভক্তই ভিৰ কৰিছে।
চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে শাৰদীয় দুর্গা পূজা উদ্যাপন কৰা হৈছে। জিলাখনৰ মথুৰাপুৰ, নাফুক চাহ বাগিচাৰ লগতে প্ৰায় সংখ্যক চাহ বাগিচাতে দুর্গা পূজা উপলক্ষে বিভিন্ন কার্যসূচী আয়োজন কৰা হৈছে। আনহাতে, শিৱসাগৰ জিলাৰ দেৱী দ’লত অষ্টমী আৰু নৱমী উপলক্ষে আজি যথেষ্ট ভক্তিপ্ৰাণ ৰাইজৰ সমাগম হয়।
দৰং জিলাৰ মুঠ ৫ খন আৰক্ষী থানা এলেকাত আয়োজন কৰা প্ৰায় ২০০ খন ৰাজহুৱা পূজাস্থলীত আধ্যাত্মিকতাৰ সৈতে সৃষ্টিশীল কলা আৰু আধুনিকতাৰ সমাহাৰ ঘটাই ভক্তিপ্ৰাণ ৰাইজ আৰু দৰ্শনাৰ্থীক আকৰ্ষণ কৰাৰ প্ৰয়াস কৰা হৈছে। এই পূজা মণ্ডপসমূহৰ উপৰি জিলাখনৰ ঐতিহাসিক পদ্মা থানৰ লগতে মন্দিৰ, দেৱালয়সমূহ দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ স্তুতি তথা মংগল ধ্বনিৰে মুখৰ হৈ পৰিছে। জিলা সদৰ মঙলদৈত থকা কোচ ৰজাৰ তিনিখন হাউলীত ৪০৮ বছৰীয়া ঐতিহ্য আৰু ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি দুৰ্গা পূজা পালন কৰা হয়। ইয়াৰে গাখীৰখোৱা হাউলীত আজি পৰম্পৰাগত ৰীতি-নীতিৰে অষ্টমী আৰু নৱমী পূজা পালন কৰা হয়।
গুৱাহাটী মহানগৰীৰ পূজা মণ্ডপতো অষ্টমী আৰু নৱমী পূজা উপলক্ষে পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। অষ্টমী আৰু নৱমীৰ দিনটোত শক্তিপীঠ কামাখ্যা ধাম আৰু উগ্ৰতাৰা দেৱালয়ত অগণন ভক্তিপ্ৰাণ লোকে ভিৰ কৰে।
ইপিনে,শাৰদীয় দুর্গা পূজাৰ আজিৰ দিনটোত মন্ত্ৰী পীয়ুষ হাজৰিকাই মৰিগাওঁ জিলাৰ জাগীৰোডৰ কেইবাখনো পূজা মণ্ডপত উপস্থিত হৈ দেৱী দুৰ্গাৰ আশিস লয়। মন্ত্ৰী শ্ৰী হাজৰিকাই সমগ্ৰ ৰাজ্যবাসীক শাৰদীয় দুর্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে। অষ্টমী আৰু নৱমী পূজা দিনটোত জাগীৰোডৰ প্ৰতিখন পূজা মণ্ডপতে উখল-মাখল পৰিবেশৰ সৃষ্টি হয়।
কৰিমগঞ্জ জিলাতো অষ্টমী আৰু নৱমী পূজা উপলক্ষে প্ৰতিখন পূজা মণ্ডপত ভক্তিপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। জিলাখনৰ ভাঙাবজাৰৰ ভাঙা দুৰ্গাবাৰী ৰাজহুৱা দুৰ্গা পূজাস্থলীত আজি ভক্তৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়।
ইপিনে, মন্ত্ৰী অতুল বৰাই অষ্টমী আৰু নৱমী পূজাৰ দিনটোত গোলাঘাটৰ কছাৰীহাট বনগাঁও, আঠগাঁও চাৰিআলি, বেঙেনাখোৱাৰ শ্ৰীৰামকৃষ্ণ সেৱা সমিতি আৰু শালিকীহাট সাৰ্বজনীন দুর্গা পূজাস্থলীত উপস্থিত হৈ দেৱী দুৰ্গাৰ আশিস গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কোটোহাগুৰি ৰাজহুৱা দেৱালয়ৰ দুৰ্গা পূজাত অংশগ্ৰহণ কৰাৰ লগতে ২ নম্বৰ চিনাতলী গাঁৱৰ ত্ৰিশূল মন্দিৰত অনুষ্ঠিত দুৰ্গা পূজাত পূজা-অৰ্চনা কৰে।
মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰৰ কেইবাখনো পূজা মণ্ডপত অংশগ্রহণ কৰি দেৱী দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰে।
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালী জিলাৰ পাটাছাৰকুছিত অষ্টমী আৰু নৱমী পূজাত উপস্থিত থাকে।