ডাউনলোড
মোবাইল এপ

android apple
signal

October 7, 2024 6:43 PM | durga puja assam

printer

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন, ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। কালি দুপৰীয়া ভাগৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত পূজাৰ প্ৰস্তুতি অব্যাহত আছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই তুলিছে। সমান্তৰালভাৱে বতৰ ফৰকাল হোৱাৰ লগে লগে মহানগৰীৰ ফাঁচীবজাৰ, গণেশগুৰিত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। একেদৰে ৰাজ্যৰ অন্য প্ৰান্ততো মন পছন্দৰ কাপোৰ বিচাৰি বজাৰত গ্ৰাহকে ভিৰ কৰিছে। ইপিনে, প্রশাসনে দুর্গা পূজা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে পূজা সমিতিসমূহলৈ যাৱতীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে। চি চি টি ভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে ৪৫০খনৰো অধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে।

অধিক পঢ়ক

সকলো চাওক