October 8, 2024 11:32 AM | Durga Puja

printer

ৰাজ্যজুৰি শাৰদীয় দুৰ্গাপূজাৰ ব্যাপক প্ৰস্তুতি

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যত ব্যাপক উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। যোৱা দুটা দিনত বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পূজা সমিতিসমূহে বিভিন্ন বিষয়বস্তুক আধাৰ হিচাপে লৈ পূজা মণ্ডপসমূহ আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে। সমান্তৰালভাৱে বতৰ ফৰকাল হোৱাৰ লগে লগে মহানগৰীৰ বজাৰসমূহত বিশেষকৈ ফাঁচীবজাৰ, গণেশগুৰিত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। একেদৰে ৰাজ্যৰ অন্য প্রান্ততো শাৰদীয় দুর্গা পূজাৰ উৎসাহ-উদ্দীপনা তথা ব্যস্ততা দেখা গৈছে। শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত কেইবাখনো দুর্গা পূজাৰ আয়োজন কৰা হৈছে। ইয়াৰে শিৱসাগৰ নগৰৰ বাৰোৱাৰী পূজা সমিতিয়ে আয়োজন কৰা পূজাভাগীৰ মণ্ডপটোৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পুৰণি অসমীয়া চলচ্চিত্ৰক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপ। ইফালে চিৰাঙতো দুৰ্গা পূজাৰ ব্যাপক আয়োজন দেখা গৈছে। এইবেলি জিলাখনত ১২১ খন পূজা অনুষ্ঠিত হৈছে। নগাঁও জিলাতো উলহ-মালহেৰে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। ইপিনে, প্রশাসনে দুর্গা পূজা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে পূজা সমিতিসমূহলৈ যাৱতীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে। চি চি টি ভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে ৪৫০ খনৰো অধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে।

অধিক পঢ়ক

সকলো চাওক