October 2, 2024 7:24 PM | Mahalaya

printer

আজিৰে পৰা ধৰালৈ দেৱী দুৰ্গাক আদৰাৰ প্ৰস্তুতি আৰম্ভ

আজি মহালয়া। আজিৰ দিনটোতে পিতৃপক্ষৰ সমাপ্তি ঘটি দেৱীপক্ষৰ সূচনা হয়। কাইলৈৰপৰা নৱৰাত্ৰি পালন কৰা হ’ব। আজিৰ দিনটোতে দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস প্রচলিত আছে। ইয়াৰ লগে লগেই দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হয়। আজি মহালয়াৰ দিনা পুৱাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈ, জান-জুৰি ঘাটত পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ বাবে ভক্তসকলে শ্রাদ্ধ তৰ্পন কৰে। এই উপলক্ষে আজি নৈৰ ঘাটসমূহত অগণন লোকৰ সমাগম পৰিলক্ষিত হয়। ইপিনে, দেৱী দুৰ্গাৰ ধৰালৈ আগমনৰ বিশ্বাসক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা দেৱীৰ স্তুতিৰে মহিষমর্দিনীক ধৰালৈ আদৰণি জনোৱা হয়। যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, শিলচৰ, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। ঠায়ে ঠায়ে ধৰ্মীয় শোভাযাত্ৰাৰ আয়োজন কৰা হয়। শাৰদীয় দুর্গা পূজাৰ বাবে আজিৰ দিনটোৰ পৰাই ব্যাপক প্ৰস্তুতি আৰম্ভ হয়। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গা পূজা সমিতিসমূহে শাৰদীয় পূজাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। এইবাৰ দেৱীৰ দোলাত আগমন হৈছে আৰু ঘোঁৰাৰে গমন কৰিব। অহা ৯ অক্টোবৰ, বুধবাৰে সন্ধিয়া দেৱী দুৰ্গাক ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ব। এই উপলক্ষে বিভিন্ন ঠাইৰ পূজা-মণ্ডপসমূহ কাৰিকৰসকলে আটক ধুনীয়াকৈ সজাই তোলাত ব্যস্ত হৈ পৰিছে। আনহাতে, বজাৰসমূহো পূজাৰ বাবে বিভিন্ন ধৰণৰ সাজ-পাৰকে ধৰি অন্যান্য সামগ্ৰীৰে ভৰি পৰিছে। যোৰহাটৰ গড়আলিত মহালয়া উপলক্ষে আজি পুৱতি নিশা ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয়। তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহুৱা খেলপথাৰত আজি পুৱাৰেপৰা মহালয়া উপলক্ষে বহুলোকৰ সমাগম হয়। এই উপলক্ষে সাংস্কৃতিক কার্যসূচী গ্ৰহণ কৰা হয়। ধুবুৰীতো এই উপলক্ষে ব্ৰহ্মপুত্ৰ ঘাটত অগণন লোকৰ ভিৰ পৰিলক্ষিত হয়। ধুবুৰীৰ কালীবাৰী প্ৰাঙ্গনত দেৱী দুর্গা বৰণ, মহীষাৰ মর্দিনী আদি নৃত্য-নাটিকা ৰূপায়ণ কৰা হয়। জিলাখনৰ বিভিন্ন ঠাইত প্রভাত ফেৰীৰো আয়োজন কৰা হয়। ইপিনে, বৰপেটা ৰোড আৰু হাউলীত পুৱতি নিশাতে বহু লোক ৰাজপথলৈ ওলাই অহাত উখল-মাখল পৰিবেশৰ সৃষ্টি হয়। জিলাখনৰ কেইবাটাও সংঘ আৰু পূজা সমিতিৰ উদ্যোগত মহালয়া উপলক্ষে শোভাযাত্ৰা উলিওৱা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহালয়া উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে শাৰদীয় দুর্গা পূজাই জনজীৱনলৈ আশা, সম্ভাৱনা আৰু ইতিবাচক চিন্তা কঢ়িয়াই আনে। দেৱী দুর্গাই সকলোকে সুখ, সমৃদ্ধি, শক্তি আৰু সুস্বাস্থ্যৰ বাবে আশীষ প্ৰদান কৰিব বুলি প্রধানমন্ত্ৰীয়ে আশা প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক