আজিৰে পৰা কোকৰাঝাৰ চহৰৰ কঠালগুৰিত থকা ছাই ষ্টেডিয়ামত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতা অনুষ্ঠিত হৈছে। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত এইবাৰ দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। আজিৰ উদ্বোধনী মেচখন বড়োলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট এফ চিৰ মাজত খেলোৱা হয়। এই খেলখনত নৰ্থ ইষ্ট এফ চিয়ে ২-০ গ’লৰ ব্যৱধানত জয়লাভ কৰে। উদ্বোধনী খেলখনৰ পূৰ্বে ভাৰতীয় সেনাৰ বিমান চালনা শাখাই আকাশ মাৰ্গত বিভিন্ন কলা-কৌশলী প্ৰদৰ্শন কৰে। স্থানীয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মিজোৰামৰ ক্ৰীড়া মন্ত্ৰী, ভূটানৰ প্রধানমন্ত্ৰী লটে ছেৰিং, বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়ো আৰু কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ সেনা বিষয়াও উপস্থিত থাকে ।
Site Admin | July 30, 2024 8:29 PM | durand cup kokrajhar
কোকৰাঝাৰত ডুৰাণ্ড কাপ প্রতিযোগিতাৰ উদ্বোধনী খেলত নৰ্থ ইষ্ট এফ চিৰ জয়লাভ
