ডাউনলোড
মোবাইল এপ

android apple
signal

November 2, 2024 12:28 PM | Dumu gidiyan

printer

ডুমু গিডিয়ান বকো বটছৱানাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ

বটছৱানাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে ডুমু গিডিয়ান বকোৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে। নিৰ্বাচনৰ জৰিয়তে জয় লাভ কৰি ডুমু বকোৱে আফ্রিকান দেশখনত প্ৰায় ৬০ বছৰ শাসন কৰা বটছৱানা ডেমক্রেটিক পার্টি চমুকৈ বি ডি পিৰ শাসনৰ অৱসান ঘটায়। ৫৪ বছৰীয়া ডুমু বকোৱে নিৰ্বাচনত বি ডি পিক পৰাস্ত কৰাৰ ৩ দিন পিছতেই মুখ্য ন্যায়াধীশ তেৰেঞ্চ ৰানোৱানেৰ কাৰ্যালয়ত বন্ধ অধিৱেশনৰ সময়ছোৱাত শপতগ্ৰহণ কৰে। নিৰ্বাচনত জয় লাভ কৰি ৰাষ্ট্ৰপতি বকোৱে দিয়া প্ৰথমটো ৰাজহুৱা ভাষণত জনসাধাৰণে তেওঁৰ প্ৰতি আস্থা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দেশখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নাগৰিকসকলক অধ্যাৱসায়েৰে কাম কৰি যাবলৈও তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। দেশখনত বুধবাৰে হোৱা সাধাৰণ নিৰ্বাচনত বি ডি পিৰ বিদায়ী ৰাষ্ট্ৰপতি ৬৩ বছৰীয়া ম’কগোৱেচ্ছি মাছিছিয়ে পৰাজয় বৰণ কৰে। কিয়নো বিৰোধী দলসমূহে সন্মিলিতভাৱে ৬১ জনীয়া সংসদীয় আসনৰ কমেও ৩৫ খন আসন দখল কৰে। উল্লেখযোগ্য যে ১৯৬৬ চনত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা বটছৱানাত বি ডি পি দলে শাসনভাৰ চলাই আছিল।

অধিক পঢ়ক

সকলো চাওক