অসম চৰকাৰে ৰাজ্যখনক মাদক দ্রব্য মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বিগত সময়ছোৱাত অসম আৰক্ষীৰ সহযোগত ৰাজ্যখনে এই ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে, ৰাজ্য চৰকাৰে অসম আৰক্ষী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যখনৰ পৰা মাদক দ্রব্য সৰবৰাহ আৰু যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হ্ৰাস কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰকাশ কৰা মতে অসমত ২০২৩-২৪ বৰ্ষত ৭ হাজাৰ ২৭৪ গৰাকী এইচ আই ভি পজিটিভ লোক চিনাক্ত হৈছে। আনহাতে চিনাক্ত হোৱা লোকসকলৰ ভিতৰত বেজীৰে মাদক দ্রব্য গ্ৰহণ কৰা লোক প্রায় ৬৫ শতাংশ বুলি প্ৰকাশ কৰা হৈছে। ড০ শৰ্মাই কয় যে, মাদক দ্রব্য গ্ৰহণৰ ফলতে মুঠ এইচ আই ভি পজিটিভ চিনাক্ত লোকৰ ৬৫ শতাংশ আক্রান্ত হোৱাটো উদ্বেগজনক বিষয়। উল্লেখযোগ্য যে যোৱা বছৰত সৰ্বভাৰতীয় পৰ্যায়ত এইচ আই ভিত আক্ৰান্ত হৈ ৩৫ হাজাৰ ৮৬৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে অসমত ৩৩৭ জন লোকৰ এই ৰোগৰ ফলত মৃত্যু হৈছিল। আনহাতে যোৱা বছৰলৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৩২ হাজাৰৰো অধিক লোকৰ দেহত এইচ আই ভি পজিটিভ থকাটো চিনাক্ত হৈছে। সৰ্বভাৰতীয় পর্যায়ত এই সংখ্যা ২৫ লাখ ৪৪ হাজাৰ ৩৬৪ বুলি পৰিসংখ্যাত প্ৰকাশ পাইছে।
Site Admin | June 29, 2024 9:08 PM | drugs assam police cm