ৰাজ্যখনত আধৰুৱাকৈ শিক্ষা ত্যাগ কৰা নাইবা ড্রপআউট ছাত্ৰীৰ সংখ্যা বৃদ্ধিক লৈ শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে উদ্বিগ্নতা প্রকাশ কৰিছে। আজি বৰপেটাত মন্ত্ৰীগৰাকীয়ে এই বিষয়টোক লৈ এখন বিভাগীয় পর্যালোচনা সভাত অংশ লয়। সভাত লাভ কৰা তথ্যৰ ভিত্তিত মন্ত্ৰীগৰাকীয়ে কয় যে, অলপতে ইউনিচেফৰ পৰাও ৰাজ্যৰ শিক্ষা বিভাগে এনেধৰণৰ তথ্য লাভ কৰিছে। তথ্য অনুসৰি সংখ্যালঘু বসতিপ্রধান, চৰ অঞ্চল, জনজাতীয় অঞ্চল আৰু চাহ বাগিচা অঞ্চলত আধৰুৱাকৈ শিক্ষা জীৱন ত্যাগ কৰা ছাত্ৰীৰ সংখ্যা অধিক বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে বৰপেটা জিলাত কেইবাটাও চৰ অঞ্চল আছে আৰু এই অঞ্চলসমূহত ড্রপআউট হোৱা ছাত্ৰীৰ সংখ্যা অধিক বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক প্রথম ষান্মাসিক পৰীক্ষাৰ ফলাফল বিগত ৭ মাহে ঘোষণা নোহোৱা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, বিশ্ববিদ্যালয়খনত পৰীক্ষাক লৈ দীর্ঘদিনে সমস্যা চলি আহিছে। এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াইছে বুলি তেওঁ মন্তব্য কৰে।
Site Admin | August 3, 2024 8:39 PM | dropout student ranoj pegu barpeta