আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মানসিক স্বাস্থ্যৰ যতন সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰিব। অনুষ্ঠানত মানসিক ৰোগৰ চিকিৎসক ডাº জয়ন্ত দাস সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১- ২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি তেখেতৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।
Site Admin | October 25, 2024 7:54 PM | dristripat
আকাশবাণীত কাইলৈ দৃষ্টিপাত অনুষ্ঠানত মানসিক স্বাস্থ্যৰ যতন সন্দৰ্ভত আলোচনা প্ৰচাৰ
