প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডি অ’ই ভাৰতীয় বায়ুসেনাৰ ছুখয়-থাৰ্টী এম কে-ৱান শ্ৰেণীৰ বিমানৰ পৰা গৌৰৱ নামৰ দীৰ্ঘদূৰত্ব ভেদি গ্লাইড বোমাৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে ওড়িশাৰ উপকূল ভাগৰ সমীপত এহেজাৰ কিলোগ্ৰামৰ শ্ৰেণীৰ এই দীর্ঘ দূৰত্বভেদি বোমাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে। হায়দাবাদৰ ইমাৰট গৱেষণা কেন্দ্ৰই এই বোমাটো বিকশাই তুলিছে। বিমানৰ পৰা কৰা পৰীক্ষণৰ সময়ত হুইলাৰ্ছ দ্বীপৰ লক্ষ্যত নিখুঁতভাৱে আঘাত হানে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সফল পৰীক্ষণৰ বাবে ডি আৰ ডি অ’, ভাৰতীয় বায়ুসেনা বাহিনী আৰু উদ্যোগ খণ্ডক অভিনন্দন জনাইছে। তেওঁ এই সাফল্যক সশস্ত্র বাহিনীসমূহৰ সামৰ্থ্য বৃদ্ধিৰ বাবে থলুৱা প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশৰ বাবে চলোৱা প্ৰচেষ্টাৰ এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰিছে।