বিদেশ মন্ত্রী ডº এছ জয়শংকৰে পশ্চিম এছিয়াৰ পৰিস্থিতি, বিশেষকৈ গাজাৰ সংঘৰ্ষক লৈ উদ্বেগ প্রকাশ কৰিছে। ভাৰতৰ স্থিতিৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয়, যে এই ক্ষেত্ৰত দেশে অটল আৰু আদৰ্শকেন্দ্ৰিক স্থিতি গ্ৰহণ কৰি আহিছে। ভাৰতে নিৰীহ জনসাধাৰণৰ মৃত্যুক লৈ দুখ প্ৰকাশ কৰি সন্ত্ৰাসবাদ আৰু অপহৰণ কাৰ্য্যক গৰিহণা দি আহিছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীজয়শংকৰে পেলেষ্টাইনৰ সমস্যাৰ সমাধানৰ বাবে ডি ৰাষ্ট্ৰৰ সমাধান-সূত্ৰৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। নতুন দিল্লীত আজি ছৌদি আৰৱৰ বিদেশ মন্ত্ৰী যুৱৰাজ ফেইজল বিন ফৰহান অলছাউদৰ সৈতে ভাৰত-ছৌদি আৰৱ কৌশলগত সহযোগিতা পৰিষদৰ ৰাজনৈতিক, সুৰক্ষা, সামাজিক আৰু সাংস্কৃতিক সমিতিৰ দ্বিতীয়লানি বৈঠকত সহ-অধ্যক্ষতা কৰি ড০ জয়শংকৰে এই কথা প্ৰকাশ কৰে।
Site Admin | November 13, 2024 8:38 PM | DR. S. joysankar