ডাউনলোড
মোবাইল এপ

android apple
signal

November 5, 2024 6:25 PM | Dr. k.c. Nariyaloli

printer

ডº কে চি নৌৰীয়াললৈ টাই আহোম যুৱ পৰিষদৰ ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা

চৰাইদেউ মৈদামস্থলীত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাৰ বাবে ভাৰতীয় পূৰাতত্ব জৰীপ বিভাগৰ প্ৰাক্তন সঞ্চালক প্রধান ডº কে চি নৌৰীয়াললৈ টাই আহোম যুৱ পৰিষদে ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটা আগবঢ়াইছে। আজি দিছপুৰ প্ৰেছক্লাবত আয়োজিত এখন সংবাদমেলত পৰিষদৰ নেতৃবৃন্দই এই কথা ঘোষণা কৰি কয় যে, চৰাইদেউ মৈদামস্থলীত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাভুক্ত কৰা সমগ্ৰ প্ৰক্ৰিয়াত তত্বাৱধায়ক হিচাপে হাতপুথি প্ৰস্তুত কৰাকে ধৰি যাৱতীয় নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰাৰ বাবে ডº কে চি নৌৰিয়ালক ২০২৪ বৰ্ষৰ মহাবীৰ লাচিত বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। অহা ২৪ নৱেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া মহাবীৰ লাচিত দিৱস অনুষ্ঠানত ডº নৌৰিয়ালক এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত আছে— এখন হেংদাং, এযোৰ টাই আহোমৰ পৰম্পৰাগত সাজ-পোছাক, প্রশস্তিপত্র, স্মাৰক আদি। ইপিনে, পৰিষদে মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানৰ সফল ৰূপায়ণৰ বাবে পাঁচখন উপ-সমিতিসহ ১২৫ জনীয়া এখন শক্তিশালী উদযাপন সমিতি গঠন কৰে৷

অধিক পঢ়ক

সকলো চাওক