আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে নাটো ৰাষ্ট্ৰসমূহক তেওঁলোকৰ প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। তেওঁ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বজনীন প্ৰতিৰক্ষা ব্যয়ৰ বিশেষকৈ ইউক্রেইন যুদ্ধত অনুচিত বোজা বহন কৰিবলগীয়া হৈছে বুলি দাবী কৰিছে। ডাভোছত যোৱানিশা বিশ্ব অর্থনৈতিক মঞ্চৰ বৈঠকত দিয়া ভাষণত বিত্তীয় অৱদানৰ অসমানতাৰ বিষয়ে উল্লেখ কৰি শ্ৰী ট্রাম্পে কয়, যে আমেৰিকাই এই সংঘৰ্ষৰ নামত নাটোৰ তুলনাত ২০ হাজাৰ কোটি ডলাৰ অধিক ব্যয় কৰিছে। ৰাষ্ট্ৰপতি ট্রাম্পে লগতে পশ্চিম এছিয়াৰ যুদ্ধ বিৰতি আলোচনাৰ বিষয়েও উল্লেখ কৰে। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা আমেৰিকাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় নীতিৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰী হোৱাকৈ ৰূপায়ণ কৰা পৰিৱৰ্তনৰ বিষয়েও ভাষণত আলোকপাত কৰে। তেওঁ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভতো মত প্ৰকাশ কৰে। তেওঁ চৌদি আৰৱ আৰু অ’পেক ৰাষ্ট্ৰসমূহক তেলৰ মূল্য কম কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ৰাছিয়া আৰু ইউক্রেইনৰ মাজৰ সংঘৰ্ষ আৰু আমেৰিকাৰ দক্ষিণ প্ৰান্তৰ সীমান্তত অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ বাবে সৈনিক নিয়োগকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত মত প্ৰকাশ কৰে।
Site Admin | January 24, 2025 12:52 PM | Donald Trump
নাটো ৰাষ্ট্ৰসমূহক প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ আহ্বান ড’নাল্ড ট্রাম্পৰ
