August 27, 2024 6:30 PM | Donald Trump

printer

ডনাল্ড ট্রাম্পলৈ সমৰ্থন ডেমক্রেটিক দলৰ প্ৰাক্তন সদস্য তুলসী গাবাৰ্ডৰ

ডেমক্রেটিক দলৰ প্ৰাক্তন সদস্য তুলসী গাবার্ডে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আসন্ন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী ডনাল্ড ট্রাম্পলৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ইৰাকত সামৰিক সেৱা আগবঢ়োৱা গাবার্ডে ২০২০ চনত ডেম’ক্রেটিক দলৰ ৰাষ্ট্ৰপতিৰ প্রার্থিত্বৰ দৌৰত অৱতীৰ্ণ হৈছিল আৰু দুবছৰ পাছত দল ত্যাগ কৰিছিল। গাবার্ডে কালি ট্রাম্পৰ সৈতে মিছিগণৰ ডেট্রইডত নেচনেল গার্ড এছ’ছিয়েচন সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত তেওঁ শ্ৰীট্টাম্পক ভূয়সী প্ৰশংসা কৰে।

অধিক পঢ়ক

সকলো চাওক