ডাউনলোড
মোবাইল এপ

android apple
signal

কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাস্থ্য যতন সেৱা বৃদ্ধি কৰাৰ বাবে প্রয়াস অব্যাহত ৰাখিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাস্থ্য যতন সেৱা বৃদ্ধি কৰাৰ বাবে প্রয়াস অব্যাহত ৰাখিছে। তেওঁ কয় যে, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণৰ ফলত স্বাস্থ্য যতনৰ সুবিধা গ্ৰহণ কৰা মহিলাৰ সংখ্যা দেশত বৃদ্ধি পাইছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অটল বিহাৰী বাজপেয়ী চিকিৎসা বিজ্ঞান প্রতিষ্ঠান, ড০ ৰামমোহন লোহিয়া চিকিৎসালয়ত আয়োজন কৰা দশম সমাৱৰ্তনত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে এইকথা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিগত ১০ বছৰত এটা সুদৃঢ় স্বাস্থ্য যতন ব্যৱস্থা গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কাম-কাজসমূহৰ সন্দৰ্ভত অৱলোকন কৰি কয় যে, দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হৈছে আৰু ইয়াৰ ফলত এম বি বি এছ আৰু চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসনৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে, নতুনকৈ নিৰ্মাণ কৰা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান এইমছত এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত অনাগত বৰ্ষসমূহত বৃহৎ পৰিসৰত মানসম্পন্ন স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে। তেওঁ দেশত চিকিৎসকসকলক অপদস্থ কৰাৰ ঘটনা দুৰ্ভাগ্যজনক বুলি আখ্যা দি কয় যে, প্ৰতিগৰাকী লোকেই বুজি উঠা উচিত যে, চিকিৎসকসকলে এগৰাকী ৰোগীৰ জীৱন ৰক্ষাৰ বাবে আপ্রাণ চেষ্টা চলায়। ৰাষ্ট্ৰপতিগৰাকীয়ে জনসাধাৰণক চিকিৎসক তথা চিকিৎসালয়ৰ কৰ্মচাৰীসকলক অপদস্থ নকৰিবলৈ আহ্বান জনায় কয় যে, এনেধৰণৰ ঘটনা অতি নিন্দনীয়। আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্রসাদ নাড্ডায়ো সম্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক