দেৱালী, ষষ্ঠপূজাৰ লগতে বিভিন্ন উৎসৱৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ বাবে উত্তৰ ৰে’লৱেই আজিৰে পৰা অহা মাহৰ ৭ তাৰিখলৈ অতিৰিক্ত ১৯৫ খন বিশেষ ৰে’লৰ চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই ৰে’লসমূহ প্ৰধানতঃ নতুন দিল্লী আৰু আনন্দ বিহাৰ ৰে’লৱে ষ্টেচনৰ পৰা দেশৰ পূব অংশৰ বিভিন্ন ঠাইলৈ চলাচল কৰিব। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে’লৱেৰ মহাপ্ৰবন্ধক অশোক কুমাৰ বাৰ্মাই কয় যে, যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে’ল বিভাগে ৰে’লসমূহত এক লাখ ৭০ হাজাৰতকৈ অধিক অতিৰিক্ত আসনৰ ব্যৱস্থা কৰিছে। তেওঁ লগতে কয় যে, এই বিশেষ ৰে’লসমূহত অসংৰক্ষিত শ্ৰেণীৰ যাত্ৰীসকলৰ বাবে প্ৰায় ৫৪ হাজাৰ অতিৰিক্ত আসন সংযোজন কৰা হৈছে। তেওঁ কয় যে, যাত্ৰীৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লী আৰু আনন্দ বিহাৰ ৰেলৱে ষ্টেচনত যাত্ৰীসকলৰ বাবে বিশেষ জিৰণি স্থানৰ ব্যৱস্থা কৰা হৈছে। তেওঁ নতুন দিল্লীৰ ৰে’লৱে ষ্টেচনৰ পৰা যাবলগীয়া ৰে’ল গাড়ীসমূহ ষ্টেচনটোৰ প্লেটফৰ্ম নম্বৰ ১৬ৰে চলাচল কৰিব বুলিও প্ৰকাশ কৰে।
Site Admin | October 26, 2024 1:24 PM | diwali rail 195