ইটালীৰ মণ্টেছিলৱানোত অনুষ্ঠিত ৮ বছৰ অনূৰ্ধ্বৰ বিশ্ব কেডেট দবা প্রতিযোগিতাত ভাৰতৰ ডিৱিট ৰেড্ডীয়ে সোণৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত তেলেংগানাৰ ৮ বছৰীয়া শিশু খেলুৱৈগৰাকীয়ে সৰ্বাধিক ১১ পইণ্টৰ ভিতৰত ৯ পইণ্ট অৰ্জন কৰি প্ৰতিদ্বন্দ্বী সাত্বিক ছোৱাইনৰ সৈতে সমতা স্থাপন কৰে যদিও উন্নত মানৰ টাইব্রেক স্ক’ৰৰ সহায়ত ডিৱিটে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সমর্থ হয়।
Site Admin | November 27, 2024 7:13 PM | Divith Reddy becomes World Champion in U8 World Cadets Chess Championship