সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে বিভিন্ন জিলাত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কেতবোৰ কাৰ্যপন্থা গ্ৰহণ

ৰাজ্যৰ বিভিন্ন জিলাত দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ আইনৰ অধীনত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণসমূহে সম্ভাৱ্য দুৰ্যোগ নিবাৰণৰ বাবে কেতবোৰ কাৰ্যপন্থা হাতত লৈছে। এই উপলক্ষে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছাট্টাৱানে মহানগৰীত ভূমিস্খলন আৰু কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ লগতে দুৰ্যোগৰ সময়ত হোৱা প্ৰাণহানি ৰোধ কৰাৰ বাবে মহানগৰীখনৰ পাহাৰীয়া অঞ্চলসমূহৰ লগতে জলাশয় আৰু নিম্ন অঞ্চলসমূহত বাৰিষাৰ কালছোৱাত খনন কাৰ্য নকৰিবলৈ নিৰ্দেশ দিছে।
যোৰহাটতো জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয়। সভাত জিলা আয়ুক্ত তথা প্ৰাধিকৰণৰ সভাপতিগৰাকীয়ে জিলাখনৰ আটাইবোৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ লগতে একোজনকৈ কাৰ্যবাহী দণ্ডাধীশক বালি আৰু পলসৰ মহলসমূহ পৰিদৰ্শন কৰি দুৰ্যোগ বিৰোধী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই অনুযায়ী মহলসমূহৰ সীমা নির্ধাৰণ কৰা, স্থানীয় ৰাইজৰ জ্ঞাতাৰ্থে উপযুক্ত পলসৰ ব্যৱস্থা কৰা, খননৰ ফলত সৃষ্টি হোৱা গাঁতসমূহ পূৰণ কৰা আদি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ লগতে জিলা বন সংমণ্ডল বিষয়াক নির্দেশনা প্রদান কৰিছে। জিলাখনত অবৈধভাৱে চলি থকা সকলো বালিৰ মহল তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰিছে। ইয়াৰ উপৰি শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল অহা যোৱা কৰাৰ সময়ত খনন কাৰ্যত ব্যৱহৃত গধূৰ যান বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী বিষয়া আৰু জিলা পৰিবহণ বিষয়াক নিৰ্দেশ প্ৰদান কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক