লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

আসন্ন লোকসভা নির্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণ গতিৰে প্ৰস্তুতি চলাইছে। প্রিজাইডিং আৰু প্ৰথম প’লিং বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি দ্বিতীয় আৰু তৃতীয় প’লিং বিষয়াসকলক প্রশিক্ষণ দিয়া হয়। আনহাতে নির্বাচনী প্রক্রিয়া সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰাৰ বাবে ডিমৌ বিধানসভা সমষ্টি আৰু শিৱসাগৰ বিধানসভা সমষ্টিত ১০৫ গৰাকী সূক্ষ্ম পৰ্যৱেক্ষক নিয়োজিত কৰা হৈছে। এই পৰ্যৱেক্ষকসকলক সুচাৰুৰূপে কাৰ্য সমাপন কৰিব পৰাকৈ জিলা প্ৰশাসনে কাইলৈ শিৱসাগৰ বিশ্ববিদ্যালয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । আনহাতে মৰিগাঁও জিলাৰ নিৰ্বাচনী বিষয়া দেৱাশিষ শৰ্মাই আজি মৰিগাঁও মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে ভোটাদান কৰিবলগীয়া ভোটাৰসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। লগতে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে।

অধিক পঢ়ক

সকলো চাওক