ডাউনলোড
মোবাইল এপ

android apple
signal

October 3, 2024 12:48 PM | distric assam new

printer

ৰাজ্যত কাইলৈ ২১খন, ৫ অক্টোবৰত ১৮খন সমজিলা আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব

ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১খন জিলাত ৩৯খন সমজিলা কাইলৈ আৰু পৰহিলৈ পৰ্যায়ক্রমে উদ্বোধন কৰা হ’ব। সেই অনুসৰি কাইলৈ ২১খন সমজিলা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে ৫ অক্টোবৰত ১৮খন সমজিলাক মৰ্যাদা প্ৰদান কৰা হ’ব। ইয়াৰ পূৰ্বে এই সম্পৰ্কীয় জাননীখনত কোৱা হৈছিল যে ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু গোলকগঞ্জক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। বঙাইগাঁৱৰ অভয়াপুৰীক, কামৰূপ জিলাৰ ৰঙিয়াক, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালীক, লখিমপুৰ জিলাৰ ঢকুৱাখনাক, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সমজিলা হ’ব। শিৱসাগৰৰ নাজিৰা আৰু ডিমৌক, যোৰহাটৰ তিতাবৰক সমজিলাৰ মৰ্যাদা দিয়া হৈছে। গোলাঘাট জিলাৰ বোকাখাত, সৰুপথাৰ আৰু দেৰগাঁৱক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। কাছাৰৰ লক্ষীপুৰ, গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা সমজিলা হ’ব। কামৰূপ মেট্ৰ’ৰ দিছপুৰ, নিউ গুৱাহাটী আৰু ডিমৰীয়াক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। দৰং জিলাৰ ছিপাঝাৰ আৰু দলগাঁৱক, মৰিগাঁও জিলাৰ জাগীৰোড আৰু লাহৰীঘাটক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। হোজাই জিলাৰ লামডিং, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰু নদুৱাৰক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। ডিব্ৰুগড় জিলাৰ খোৱাং, দুলীয়াজান আৰু টিংখাঙক সমজিলাৰ স্বীকৃতি দিয়া হৈছে। চৰাইদেউ জিলাৰ মাহমৰা আৰু কৰিমগঞ্জৰ পাথাৰকান্দি আৰু ৰামকৃষ্ণ নগৰক সমজিলা হিচাপে ঘোষণা কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক