লোকসভাত কালি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাকালত বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ভাষণ বিগত বৰ্ষৰ সৈতে একেই আছে বুলি মন্তব্য কৰে। নিবনুৱা সমস্যা সমাধানত চৰকাৰ বিফল হোৱাৰ অভিযোগ কৰি বিষয়টোত চৰকাৰে অধিক গুৰুত্ব দিব লাগে বুলি তেওঁ উল্লেখ কৰে। চৰকাৰৰ ধ্বজাবাহী আঁচনি মেক ইন ইণ্ডিয়াৰ ধাৰণা প্ৰশংসনীয় যদিও সেয়া ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱা বুলিও তেওঁ সমালোচনা কৰে। তেওঁ লগতে কয়, যে পর্যাপ্ত সম্ভাৱনা তথা উৎস থকাৰ পাছতো সেইসমূহৰ ব্যৱহাৰত চৰকাৰখন অসমৰ্থ হৈছে। সংবিধান সর্বোচ্চ আৰু সংবিধানেই দেশখন আগুৱাই নিব বুলি তেওঁ দৃঢ়তাৰে কয়।
ইপিনে বিজেপিৰ ৰামভীৰ সিঙে মোদী চৰকাৰৰ দ্বাৰা ৰূপায়িত জনকল্যানমুখী আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। দিল্লীৰ আপ চৰকাৰে আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লেখিয়া কেন্দ্ৰীয় আঁচনিসমূহ ৰাষ্ট্ৰীয় ৰাজধানীত ৰূপায়ণ নকৰি জনসাধাৰণক স্বাস্থ্য সেৱা, গৃহ আৰু অন্যান্য সুবিধাৰ পৰা বঞ্চিত কৰা বুলি তেওঁ অভিযোগ কৰে। তেওঁ দিল্লীৰ বায়ু প্ৰদূষণ, বাট পথৰ অৱস্থা আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সমস্যাৰ বিষয়সমূহো উত্থাপন কৰে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চৰকাৰী আৱাসৰ নামত ৰাজহুৱা ধনৰ অপচয় কৰা বুলিও বিজেপি সাংসদগৰাকীয়ে অভিযোগ কৰে। বিজেপি সাংসদ ৰবি শংকৰে কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয়, যে মহাকুম্ভৰ প্ৰসংগ উল্লেখ কৰিলেই দলটোৱে অস্বস্তিবোধ কৰে। সংসদৰ এই আলোচনাত কালি বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও সাংসদে নিজ নিজ মন্তব্য আগবঢ়ায়।