ডিমা হাচাও জিলা প্রশাসনৰ প্রতিকুল বতৰৰ বাবে সতর্কতামূলক নির্দেশনা

◊গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে ডিমা হাচাও জিলা প্রশাসনে প্রতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ থাকিব। আনহাতে প্ৰশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি পাহাৰীয়া জিলাখনত বৰষুণ অব্যাহত আছে। ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনত স্বাভাৱিক জন জীৱন ব্যাহত হৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰয়েও ধুমুহা, ব্রজপাত আৰু বৰষুণৰ সতৰ্কতা জাৰি কৰিছে। জিলাখনত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ’লে তাৎক্ষণিকভাৱে জিলা দুর্যোগ প্রশমন বিভাগক জনাবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ বাবে প্ৰশাসনে হেল্পলাইন নম্বৰো মুকলি কৰিছে। বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত জিলাখনত ৰে’ল চলাচল ব্যাহত হৈ পৰিছে। আনহাতে লামডিং সংমণ্ডলৰ জাতিংগা লামপুৰ আৰু হাৰাং হাজাও ৰে’লপথৰ মেৰামতিৰ বাবে কেইবাখনো ৰে’ল বাতিল কৰাৰ লগতে ৪খন ৰে’লৰ চলাচল আংশিকভাৱে বন্ধ কৰা হৈছে। পৰিস্থিতি ওপৰত জিলা প্ৰশাসনে চোকা নজৰ ৰাখিছে। জিলা প্ৰশাসনে এই পর্যন্ত কোনো ধৰণৰ হতাহতৰ ঘটনা সংঘটিত হোৱা নাই বুলি প্ৰকাশ কৰিছে। অৱশ্যে কেইবা ঠাইতো ভূমিস্খলনৰ ঘটনা হোৱাৰ ফলত হাফলঙত কৃত্রিম বানৰ সৃষ্টি হয়। ডিমা হাচাও সংযোগ কৰা পথসমূহ এতিয়াও সুচল হৈ থকা বুলি জিলা প্ৰশাসনে সদৰী কৰিছে। অৱশ্যে জাতিংগা লামপুৰ আৰু হাৰাং হাজাও ৰাষ্ট্ৰীয় ঘাইপথ আংশিকভাৱে বন্ধ কৰি দিয়া হৈছে। এই পথছোৱা মেৰামতিৰ কাম অব্যাহত আছে। এই পথছোৱা আজি পুৱাৰভাগত মুকলি কৰি দিয়া হ’ব বুলি জিলা প্ৰশাসনে প্রকাশ কৰিছে। ইয়াৰ উপৰি জিলাখনৰ চৰকাৰী কাৰ্যালয়, বেংকৰ কামকাজ স্বাভাৱিকভাৱে চলি আছে।

অধিক পঢ়ক

সকলো চাওক