ডাউনলোড
মোবাইল এপ

android apple
signal

March 28, 2025 7:29 PM | Dilwar hussaian

printer

দিলোৱাৰ হুছেইন মজুমদাৰক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

গুৱাহাটীৰ এটা পোৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আজি বিয়লি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। চৰকাৰী বিষয়াৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰৰ অভিযোগত এপেক্স বেংকৰ কাৰ্যালয়ৰ পৰা যোৱা ২৫ মাৰ্চত গ্ৰেপ্তাৰ কৰা সাংবাদিকগৰাকীক কালি পুনৰ আৰক্ষীয়ে আন এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে সাংবাদিকগৰাকীক অধিক সোধাপোছাৰ বাবে সাত দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰি কৰা আবেদনৰ শুনানি সম্পূৰ্ণ হৈছে যদিও বাতৰি লিখাৰ পৰলৈকে এই সন্দৰ্ভত আদালতে এতিয়াও কোনো ৰায় দিয়া নাই। ইপিনে, অভিযুক্ত মজুমদাৰে পাণবজাৰ থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা প্ৰথমটো গোচৰৰ জামিন বিচাৰি আজি এখন আবেদন দাখিল কৰে। এই আবেদনৰ শুনানিও আজি গ্ৰহণ কৰা হয়।

ইপিনে গুৱাহাটী প্ৰেছ ক্লাবে আজি এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি সাংবাদিক মজুমদাৰক পুনৰ গ্ৰেপ্তাৰ কৰাৰ পাছৰ পৰিস্থিতি পর্যালোচনা কৰি আজিৰে পৰা ৩০ মাৰ্চলৈ সকলো সাংবাদিককে কৰ্তব্যৰ সময়ত ক’লা বেজ পৰিধান কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক