ডাউনলোড
মোবাইল এপ

android apple
signal

February 28, 2025 1:29 PM | Dibrugarh University

printer

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত

জাপানী ভাষাৰ শিক্ষা আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূব জাপান কাৰাভান মহোৎসৱ অনুষ্ঠিত হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই কালি এই মহোৎসৱৰ শুভাৰম্ভ কৰে। এই মহোৎসৱত জাপানৰ ভাষা-সাহিত্য, সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। জাপান ফাউণ্ডেচনৰ সহযোগত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ অংশ হিচাপে ৰাজ্যখনত জাপানী ভাষাৰ শিক্ষাৰ প্ৰতি যুৱক-যুৱতীসকলক আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা হ’ব। মহোৎসৱত জাপানৰ ভাষা কলা-সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত কৰি তিনিখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অহা শিক্ষাবৰ্ষৰ পৰা জাপানী ভাষাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ পৰিকল্পনা লোৱা হৈছে। অসমৰ ৫০ হাজাৰ ল’ৰা-ছোৱালীক জাপানত কাম কৰাৰ বাবে উপযুক্ত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনা কার্যকৰী কৰাৰ ক্ষেত্ৰত এই জাপানী শিক্ষাৰ পাঠ্যক্রমে সহায় কৰিব বুলি বিশ্ববিদ্যালয় সূত্রই প্রকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক