নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ সমীপত ২৫ মেগাৱৰ্ট ক্ষমতাসম্পন্ন নতুন সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পটো ১০৮ একৰ মাটি সামৰি স্থাপন কৰা হ’ব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰকল্পটোৰ বাবে ১১৬ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। প্ৰকল্পটো নিৰ্মাণ কৰোতে ৰাজ্য চৰকাৰৰ লগতে অইল ইণ্ডিয়া লিমিটেডেও সমপৰিমাণৰ ধন ব্যয় কৰিব বুলি তেওঁ কয়। ড০ শৰ্মাই কয় যে, ৰাজ্যত বৰ্তমান সৌৰশক্তি উৎপাদনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। শীঘ্ৰেই কাৰ্বি আংলঙত এহেজাৰ মেগাৱৰ্ট ক্ষমতাসম্পন্ন সৌৰশক্তি প্রকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

২০৩০ চনৰ ভিতৰত ৰাজ্যত ৩ হাজাৰ মেগাৱট পৰিমাণৰ সৌৰশক্তিৰ উৎপাদন সম্ভৱ হৈ উঠিব বুলি তেওঁ আশা প্রকাশ কৰে। ভাষণ প্ৰসংগত ড০ শৰ্মাই প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিখনৰ বিষয়ে ইতিবাচক দিশসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণৰ উদ্দেশ্যে ইতিমধ্যে কাম-কাজ আৰম্ভ কৰিছে। তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ বিষয়ে উনুকিয়াই। তেওঁ কয় যে এই আঁচনিৰ অধীনত যুৱক-যুৱতীসককলক ১ লাখ টকাৰ ঋণ তথা ১ লাখ টকাৰ ৰাজসাহাৰ্য প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানটোৰ বিষয়া- কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰে। ড০ শৰ্মাই কয় যে, এইবাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰা যুৱতীসকলক ১০ হাজাৰ, চাৰে ১২ হাজাৰ আৰু ২৫ হাজাৰ টকাকৈ বৃত্তি প্ৰদান কৰা হ’ব। এই ধন তেওঁলোকৰ বেংক একাউণ্টত মাহিলী কিস্তি হিচাপে প্ৰদান কৰা হ’ব। নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি পালন কৰা হ’ব বুলি তেওঁ জনসাধাৰণক আশ্বাস দিয়ে।

অধিক পঢ়ক

সকলো চাওক